অʼ মোৰ গুৰু ঐ


কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে
ধৰিছিল নামৰে তান,
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান,
মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান।

অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰ
ধৰমৰ নামতে তুমি
সকলো দুখলৈ পিঠি দিলা গুৰু
ধন্য অসম ভূমি,
মোৰ গুৰু ঐ, ধন্য অসম ভূমি।

নামঘৰ সাজিলা, ৰাইজখন থাপিলা
একতাৰ আসনত আনি,
ভাওনা সোণতে বৰগীত সুৱগা
প্ৰচাৰিলা দেৱবাণী,
মোৰ গুৰু ঐ, প্ৰচাৰিলা দেৱবাণী।

এটুপি দুটুপি চকুলো সৰে মোৰ
দুখনি চৰণক পাই
অসমৰ আকাশত দুখৰ ৰোল উঠিছে
আজি শ্ৰীশঙ্কৰ নাই
মোৰ গুৰু ঐ, আজি শ্ৰীশঙ্কৰ নাই।।

ৰচনা কাল : ১৯৩৭

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top