অʼ মিচিং ডেকাটি


বোলোঁ…
অʼ মিচিং ডেকাটি
বজালি যে পেম্পাটি
সুৰেৰে সজালি দেখোঁ
দিচাংমুখৰ নিশাটি।


মিবু গালুক চোলাটি
পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?
মূৰত দেখো দুমেৰ দি গামোচা আঁটিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি।

বোলোঁ….
অʼ মিচিং গাভৰু
এগে মেখেলাতে তই এন্ধাৰ সানিলি,
অʼ ৰিহাখনিত তামুলি টাকাৰ ৰঙা তৰা বাছিলি!
ডেকাটিৰ সোণৰ বাঁহীৰ সʼতে গুংগাং বজালি,
সৰিয়হৰ ফুল যেন ৰিবিগাচেংখনি তই
বুকুতে বান্ধিলি
আৰু কঁপি উঠে দিচাঙৰে

মিঠা মিঠা মিঠা ঢৌটি।

অʼ বোলোঁ ঘুণাসুঁতিৰ পাৰতে
বহু দিনৰ আগতে,
অʼ মিৰিৰে জীয়ৰী মোৰ পানেইজনী মৰিলে
পিচে, জঙ্কিৰে চিঞৰটি,
অসমীৰে ভাষাতে
শ্ৰীৰজনীকান্তই যুগমীয়া কৰিলে
মনত পৰেনে সেই কথাটি?
অʼ দিচাংমুখৰ ডেকাটি।

আজিৰ পানেই নমৰে
আৰু জঙ্কিয়েও নেকান্দে
এই, জঙ্কি-পানেইৰ মিচিং সমাজ
নিজেই দিচাং আবুং হৈ
অসমীৰে বৰ লুইতৰ সোঁতটি বঢ়াব
মৰমৰে এই যুগটি।।

ৰচনা কাল : ১৯৬৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top