অʼ মালতী কথা এটি
কওঁ শুনা কাণ পাতি —
মোৰ হেনো বিয়া হʼব এইটো বʼহাগতে।
মোৰ বুকুখনি ধৰেফৰায়
নতুন উলাহতে।।
সেই যে এবাৰ দেখিছিলোঁ সুঠাম ডেকাজন
যোৱা মাঘত বিহুকে গাই
হৰি নিছিল মন
মোক নেপালে মৰিম বুলি
কʼলেহি থিতাতে
মোৰ বুকুখনি কঁপে কিয়
অজান ভয়তে।।
বেইৰে তলতে – হেʼ ঐ ৰাম
নোৱাব সিহঁতে – হেʼ ঐ ৰাম
ভাবিলে গা সিৰেসিৰায়।
হোমৰে অগনি – হেʼ ঐ ৰাম
দীঘলকৈ ওৰণি – হেʼ ঐ ৰাম
ভাবিলে মন ধপেধপায়।
ভাহিছিলোঁ বিয়া কৰি নিব চহৰলে
চাকৰি বিচাৰি নেযাওঁ বুলি খুলি কʼলে।
সুখে-দুখে চহ কৰিব ছন পৰা মাটিতে,
দুয়ো হেনো সৰগ পাতিম
আমাৰে গাঁৱতে।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨