অ’ নতুন মনৰ তৰুণ তৰুণী

গীত : অ’ নতুন মনৰ তৰুণ-তৰুণী
বুজিছোঁ তোমাৰ চকুৰ চাৱনী
   সমুখা-সমুখি দুয়ো
কিবা প্ৰকাশ কৰাৰ মন
বুকুৱে খুজিলেও মুখেৰে নুফুটে
কটোৱা নিৰৱ ক্ষণ ।
কথা: মৌন সময়, মৌন মুহূৰ্ত্ত
ভাল লগা হৈ য়ায় মৰম
মৰম হৈ যায় ভাল পোৱা
জনা, নজনা, অভিজ্ঞতা-অনঅভিজ্ঞতা
 মিলি মিলি মিলি হয় মৰমৰ বিশাল সাগৰ।
গীত : কৈশোৰ আৰু যৌৱনৰ মাজত
ঘনে কঁপে আজি সাঁকোখন
তাতে থিয়হৈ দুয়ো বাহু মেলি দিছাঁ
সাগৰ সিঁচিবৰ মন
চকুৰ পতাত লাজ আছে
আছে মিলনৰ বাসনা
সমাজৰ ভেদাভেদ নীতি দেখি পাইছাঁ তীব্ৰ যাতনা
কথা : হেʼ মোৰ প্ৰভাত সূৰ্য্য সম তৰুণ তৰুণী
ধৰি হেজাৰ হেজাৰ বছৰ শ্ৰেণী সংঘৰ্ষত
শাসক শোষিতৰ, ধনী দুখীয়াৰ, পোৱা নোপোৱাৰ
তুমি নতুন মানুহ ,তোমালোক নতুন কবিতা
নতুন গীতি কবিতা
সুৰ হ’ল তাত গৌণ, চিন্তাহে মুখ্য
আশাৰ সংগীতক কবৰ দিব খোজা ঔৰংজেৱ
আজিও আছে এই সমাজতে ,
মানৱ প্ৰেমৰ সংগীতক শিৰত তুলি সন্মান যচা
মহামতি আকবৰ আজিও আছে এই সমাজতে |
সমাজ শিল্পী শংকৰদেউ আজিও আছে এই সমাজতে,
সুৰৰ বৈৰী নাশি নাশি |
মোহনদাসৰ ৰামৰাজ্যৰ শত শত স্বপ্ন

কৰে লণ্ডভণ্ড
তুমি দেখিছাঁ, ময়ো দেখিছোঁ
সেই মুখা পিন্ধা ৰাৱণৰ বিকৃত ছন্দ- কৰা বন্ধ
 ৰক্ত ৰঙা সাহসলৈ অগণন
সূৰ্য্য পুত্ৰৰ চোৱাঁ আগমন
উত্তপ্ত ধৰণী, উত্তপ্ত ধমনী
পুৱাব ৰজনী
প্ৰজ্জ্বলিত কৰা
প্ৰজ্জ্বলিত কৰা
সমতাৰ অগনি
হে তৰুণ তৰুণী।
অʼ সূৰ্য্যসম তৰুণ-তৰুণী
বুজিছোঁ তোমাৰ চকুৰ চাৱনি
সেয়ে নিৰ্ভয়ে কৰি যোৱা নিজ হাতেৰে
এই সমাজক কৰি যোৱা সলনি
অ’ নতুন মনৰ তৰুণ-তৰুণী।
বুজিছোঁ তোমাৰ চকুৰ চাৱনি।।
 

ৰচনা কাল : ১৯৭৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top