অ’ বিদেশী বন্ধু

অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !
আজি কিয়নো বন্ধু ! অকলশৰীয়া !
প্ৰতিধ্বনি শুনো কান্দোনৰ ।

 প্ৰেমৰ সাগৰে জাহাজ মেলিলি
নাপালি কোনো বন্দৰ;
সৰু চাকনৈয়াতে বন্দী হ’লি
হেৰুৱালি তোৰ লঙ্গৰ ।

 চিৰ সেউজতে চামেলি দেখিলি
অতি মনোমুগ্ধকৰ;
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
চামেলি হ’লগৈ পৰ ।
অ’ বিদেশী বন্ধু…
 

ৰচনা কাল : ১৯৭৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top