অ’ কাজল বৰণ কন্যা

অ’ কাজল বৰণ কন্যা
তোমাৰ নাই তুলনা
এই ৰূপৰ বন্যা দেখি
হ’লোঁ মই উন্মনা।
মেঘ বৰণ তোমাৰ চুলিত
লহৰ খেলি যায়
মোৰ যে হিয়াত এই লহৰে
পুলক জগায়,
তোমাৰ ৰূপৰ নাই তুলনা
অ’ কাজল বৰণ কন্যা।
কাজল ক’লা তোমাৰ চকুত
বিজুলীয়ে খেলে
তাকে দেখি মন ময়ুৰী
মোৰ যে পেখম মেলে,
কিয় কন্যা গুছি যোৱা
অ’ সজল চকুৰ কন্যা।
অ’ কাজল বৰণ কন্যা…..

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top