মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ।
মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ
অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি ল’লোঁ;
মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগোলে’ কঢ়িয়ালোঁ
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ;
মাৰ্ক টোৱেনʼৰ সমাধিত বহি গৰ্কীৰ কথা ক’লোঁ।
বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ।
সেয়ে মই যাযাবৰ।।
বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ,
ৰঙৰ খনি য’তেই দেখিছোঁ ভগাই দিয়াৰ মন।।
মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী
তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী।।
মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি,
আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি।
বহু দেশে দেশে গৃহদাহ দেখি চিন্তিত হওঁ বৰ
মনৰ মনুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ।
সেয়ে মই যাযাবৰ
ধৰাৰ দিহিঙে দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ
সেয়ে ম ই যাযাবৰ —
মই এটি যাযাবৰ।।
কথা: মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ।।
ৰচনা কাল — ১৯৬৮
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨