শব্দ আৰু সুৰৰ পৃথিৱীত
ধেমালি কৰিলোঁ নানা মুদ্ৰাৰে
নিৰানন্দ আৰু মহানন্দে মই
সত্যক ফঁহিয়ালোঁ জীৱনবোধেৰে।
মই জীয়াই আছোঁ
সময়ৰ আগে আগে
আত্মপ্ৰত্যয়ৰ বাবে
সাধাৰণৰ মাজতেই থাকিম
অসাধাৰণভাৱে।
মোৰ গানৰ শব্দ, অতিকে সহজ
ৰসাল মাটিৰ সুৰৰ।
মুক্ত আকাশ, মুক্ত পৃথিৱী
মুক্ত সাগৰ লহৰ।
বৰ্তমান পৃথিৱীৰ ভীষণ অসুখ
চৌদিশে দেখোঁ সংঘাত।
প্ৰতিজনে গাওঁ আহাঁ শান্তিৰ গান
আনি জীৱনৰ জ্যোতিপ্ৰপাত।
ৰচনা কাল : ২০০৩
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨