সৌ কাজল কাজল মেঘ

সৌ কাজল কাজল মেঘ

সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই,

সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই,

যেন সজল সজল দুটি নয়ন

মৰম উপচাই,

সেয়েহে আমাৰ আই আমাৰ

শ্যামবৰণী আই |

সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই |

সৌ সোণ ধাননীৰ কাষত,

সৌ বাঁহ বননীৰ আঁৰত |

যাৰ ৰঙা ৰিহাৰ আঁচল উৰাই

গধুলিৰে বাই |

সেয়েহে আমাৰ আই আমাৰ

পলাশ ওঁঠৰ আই |

যাৰ হাঁহিৰ ৰঙে ৰঙে

হালে সোণাৰু সোণালী,

যাৰ মনৰ উমত পৰে সৰি

মিঠা হে ৰদালি,

আজি আমাৰ এনে দিনত

আৰু মনৰ মৌন পৰত

সোণ পকা ধানৰ সুবাসেৰে

আবেগ ছটিয়াই,

সেয়েহে আমাৰ আই আমাৰ

সোণ বৰণী আই |

সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই,

যেন সজল সজল দুটি নয়ন

মৰম উপচাই,

সেয়েহে আমাৰ আই

আমাৰ চন্দ্ৰমূখী আই |

Lyrics : ড°নিৰ্মল প্ৰভা বৰদলৈ

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top