বৰদৈচিলা নে সৰুদৈচিলা

কথা:
ডেকা: ককাই –অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে, বৰদৈচিলা?

গীত:
ডেকা:
বৰদৈচিলা নে, সৰুদৈচিলা নে
অসমৰ আকাশত বৰ বৰ চিলা…
বৰদৈচিলা নে, সৰুদৈচিলা নে
অসমৰ আকাশত বৰ বৰ চিলা…

গাভৰু:
চিলাৰায়ৰ চিলা নে? কাকতৰ চিলা নে ?
কাকতত থকা ভূৱা পৰিকল্পনা?

ডেকা:
চিলা নে শেন নে ৰঙা নীলা চিলা
নে হাঁহিয়াতৰ পাত্ৰ ধোদৰ পচলা?
সৌবোৰ ঠোঁট যেন তেজহে সনা
শেন যেন লাগিছে চকুৰে নমনা।

দুয়ো ঃ
অসমীয়া এইবোৰ ভাবি চাবৰ
ব’হাগেই বতৰ কিজানি?
বোলোঁ হয় হয় হয় হয় – এ ‘ হয়নে?
বোলোঁ হয় হয় হয় হয়।

ডেকা:
বাঁহতল শুৱনি কেতেকীৰ বাৰীতে
ক’ৰবাৰ ফেঁটী সাপে বাহ ল’লে…

গাভৰু: ল’লে…
কেতেকী ফুলিলে তগৰো ফুলিলে
ফেঁটী সাপে গপাগপ তাকেই গিলিলে

ডেকা:
গিলিলে…
তিল তিল কত তিল, তিল পিঠা নাই।
কুঁহিয়াৰ আছে তাক পেৰোঁতাহে নাই

গাভৰু:
অসমী আইৰে বৰঘৰ মজিয়াত…
অসমী আইৰে বৰঘৰ মজিয়াত…

ডেকা:
বৰখুটা এলাহৰ ঘূ্নে খাইছে…
এটি ধোদৰ আলি গঢ়ি
হাত সাবতি,
অসমৰ ৰণুৱাই ৰং চাইছে,
ৰং চাইছে…
মূৰৰ ফুলাম…গামোচা খনি
ক’ৰবাৰ শেনে আহি নিলেহি টানি…

ডেকা:
গ’ল…গ’ল…গ’ল…গ’ল…
হে গ’ল গ’ল বুলি মাথোঁ চিঞঁৰিলে
তাকে দেখি শেনহঁতে ৰগৰ কৰিলে

দুয়ো ঃ
অসমীয়াই এইবোৰ ভাবি/গমি চাবৰ
ব ‘ হাগেই বতৰ কিজানি !
বোলোঁ হয় হয় হয় হয়
হে হয়নে…
হে বোলো হয় হয় হয় হয়

কথা: ‌ডেকা:
এহিমানৰ কথাখিনি এহিমানে থওঁ
বৰদৈচিলাজনীৰ কথাকে কওঁ।

কথা: গাভৰু:
বৰদৈচিলা মানে কি অ ‘ককাইটি?

গীত:
ডেকা:
হে বড়োৰ দোৱানে
বৰ মানে বতাহ…দে মানে পানী
আৰু চিখ্‌লা মানে হল গোসানীজনী
এনে সাহসৰ বৰষুণ বোকোচাত লৈ
এনে সাহসৰ বৰষুণ বোকোচাত লৈ
চিলাজনী উৰিছিল ধুমুহা হৈ।
তাই অসমলৈ আগতে আহিছিলে
আহি হিল – দ’ল ভঙা এটি মন দিছিলে…

গাভৰু: হয়?

ডেকা:
আৰু নানা জাতি – উপজাতি একে কৰিছিলে;
আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়
অসমীয়া মনটোত থিতাপি নলয়।
এ ‘ এইবোৰ দেখি শুনি এনে ভাব হয়।

গাভৰু:
বোলোঁ, কি ভাব হয়?

ডেকা:
বৰদৈচিলাৰে আগচুলি থপিয়াই
মাটিলৈ নমাই আনি
বৰদৈচিলাৰে আগচুলি থপিয়াই
মাটিলৈ নমাই আনি
অসমীয়া মনটোক সুমুৱাই দিবলৈ
ব’হাগেই বতৰ কিজানি

দুয়ো:
হে বোলো হয় হয় হয় হয়
হে হয়নে
হে বোলো হয় হয় হয় হয়

ডেকা:
সময়ৰ গতি আছে

গাভৰু:
জানো জানো

ডেকা:
অগতিৰ গতি আছে

গাভৰু:
তাকো জানো

ডেকা:
সময়ৰ গতি আছে

গাভৰু:
জানো জানো

ডেকা:
অগতিৰো গতি আছে

গাভৰু:
তাকো জানো

ডেকা:
সোৱৰাই দিলেই লাগে জগৰ
দাংখাই উঠে দেখো বিহুৱা নগৰ

দুয়ো:
অসমৰ পথাৰৰ বিহু আহি
নগৰৰ ৰভাতলিত ৰৈ আছেহি

ডেকা:
ঢোলৰ চেৱে চেৱে
সূদা ভাত খাৱ
হে ঢোলৰ চেৱে চেৱে
সূদা ভাত খাৱ
খাৱ খাৱ থেকেছা… খাই খাই যাৱ
আৰু বছৰে বছৰে লুটিহে যাৱ
এইবোৰ দেখি শুনি এলাই এথানি
কবলৈ মন যায় কপায় ধৰণী

দুয়ো ঃ
নতুন পুৰুষে কিজানি কাম কৰাৰ
ব’হাগেই বতৰ কিজানি
হে বোলো হয় হয় হয় হয়
হে হয়নে
হে বোলো হয় হয় হয় হয়

(বি.দ্ৰ. ইয়াত ভূপেন হাজৰিকা আৰু ৰুণুমী ঠাকুৰৰ দ্বৈত কণ্ঠেৰে নিগৰিত গীতটিৰ কথা(Lyrics) উল্লেখ কৰা হৈছে। এই গীতটি হাজৰিকাদেৱে এককভাৱেও গাইছে।)

দ্বৈত কন্ঠত:

একক কন্ঠত:

 
Scroll to Top