ভৰা বাৰিষাৰ বানে

ভৰা বাৰিষাৰ বানে
                 খহাই নিলে গাঁও
পাৰতে উচুপি কান্দে
               দুখীয়াৰ ছাও ৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
বানপানীয়ে ঘৰৰ চালে
               পানী কাটি নিয়ে
আহুধানৰ আলিটিৰ
              ভেটা ভাঙি দিয়ে
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
নাতি-পুতিক আঁকোৱালি
            বুঢ়ীআয়ে কান্দে
অ’ হুদুটিয়ে গছে আগত
            ভেটি মাটি খুন্দে ৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
খেৰৰ পঁজাৰ চালকেখন
         উটি উটি যায়
অ’ তাতে বহি চিলনীয়ে
           কিবা নাম গায় ৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
হেজাৰ হেজাৰ খেতিয়কৰ
         পথাৰ বুৰি গ’ল
এ’ গাঁৱৰে কঠীয়াতলীৰ
        সপোন ভাগি গ’ল ৷৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷

ৰচনা কাল : ১৯৫৪

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top