মৎস্য কুৰ্ম্ম নৰসিংহ বামণ

    (১)
“মৎস্য কুৰ্ম্ম নৰসিংহ        বামণ পৰশুৰাম
    হলিৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ    আকৃতি ধৰিছা কৃষ্ণ
    তযু পাৱে কৰোঁহো প্ৰণাম।।”
মোৰে উদং ঘৰখনিৰ     নঙলা খুলিছে
    লখিমী উভতি আহি
নিজ হাতে সাৰিছেহি    মোৰে বাহী চোতালখনি
    অ’ ফুলালে মৰহা ঢল
হেৰুওৱা লখিমীক    হাততেপাই যেন
    সংসাৰ শুৱনি হল।
    (২)
মতস্য কুৰ্ম্ম…….
অ’ তযু পদে কৰোঁহো প্ৰণাম।।
মোৰ সোণ যেন কুশলে থাকে
জন্মদিনতো দিবলৈ একো নাই
নোচোৱে যেন মোক পাপে।।
দুখীয়াৰ পঁজাৰে মাটিৰে চাকিৰে
সোণ মোৰ শলিতাগছি
শুদাকৈ জীৱনত সোণ মোৰে আহি
চকুপানী দিলে মচি
মায়াৰে কুঁৱলীত নেদেখোঁ বট
দিয়া যেন আশীৰ্বাদ।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top