পাহাৰ ভৈয়ামৰ সংগম থলীতে

পাহাৰ ভৈয়ামৰ সংগম থলীতে
বন্ধু এজন মোৰ আছিল এদিন
ৰʼদালিৰে ভৰা সেই
সোণালী সুদিন ।
একেলগে খেলা পুৱা-গধূলি বেলা
সেই শান্ত পাহাৰ
সেই ধ্বনি নিজৰাৰ
একেলগে বজালোঁ যে বীণ
সোণ সৰি পৰা সোণালী সুদিন
ৰʼদালিৰে ভৰা সেই
সোণালী সুদিন।


ওখ ওখ শালবনৰ
ছাঁয়াৰ দেশত
মেঘ আৰু কুঁৱলীৰ
কোমল খেলাৰ
মায়াৰ দেশত
গোন্ধ বাৰুদৰ কত
নিহত জনৰ
কেঁচা তেজেৰে দেখোঁ
পৃথিৱী ৰঙীন।
কেনিবা হায় উৰি গʼল
সোণালী সুদিন।


পাহাৰ আৰু লুইতৰে
আকাশ তলিত
তুমি বজোৱা চিফুং বাঁহীৰ প্ৰতিধ্বনিত
তুমি আৰু মই
সমভাগী হৈ
পুনৰ আনো আহাঁ সোণালী সুদিন
ৰʼদালিৰে ভৰা সেই
সোণালী সুদিন ।।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top