পাহাৰৰ সিপাৰে

পাহাৰৰ সিপাৰে ধুনীয়া ৰহদৈয়ে
দুখৰে সুৰটি গায়
বনগীত সুৰীয়া গীতৰে আঁৰতে
চেনাইৰ কথাটি কয়
বুকুহে হমে হমায়।
পাহাৰৰ হৰিণী চকুযোৰ শুৱনি
চকুলো বাগৰি যায়
সুদূৰৰ চেনায়ে বুজিকে নেপায়
মাথোঁ সুৰ বলিয়া হয়
বুকুহে হমে হমায়।


চাকৈয়ে নেপায় চকোৱাৰ লগ
মাজত চেঙেলীয়া নৈ
ৰহদৈ চেনাইৰ মাজতে বাধা ঐ
সমাজৰ পাহাৰখন ৰয়।
বুকুহে হমে হমায়।
এন্ধাৰৰ চোতালত সমাজ বহি আছে
বিচাৰৰ শৰাইখন লৈ
বিচাৰৰ শৰাইতে বিচাৰ নাইকিয়া
এলান্ধু কলীয়া ছাই,
বুকুহে হমে হমায়।


পাহাৰ ভাঙি ভাঙি অগনি উৰিছে
ৰহদৈ লৱৰি পলায়
একোকে নিবিচাৰে আমাৰে চেনায়ে
জুইকে সাবটি লয়
বুকুহে হমে হমায়।।
 

 ৰচনা কাল : ১৯৬২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top