জয় বা পৰাজয়

(অনুবাদ গীত)

জয় বা পৰাজয়
সময় অসময়
কপালত জিলিকাই
প্ৰেম নাহে
প্ৰেমে সময় নুবুজে
(প্ৰেমে) বয়স যে আৰু নুবুজে।।
ৰিম্‌ ঝিম্‌ ঝিম্‌ বৰষাই
মোৰ দেহাটি যেতিয়া তিয়ায়
উদাস এটি আবেলি
সদ্যস্নাতা হৈ
হংসগামিনী হৈ
প্ৰেয়সী নাহে-
প্ৰেমে সময় নুবুজে
(প্ৰেমে) বয়স যে আৰু নুবুজে।
এখোজ দুয়োজকৈ
কেনিও নোচোৱাকৈ
যেনি তেনি কৰে আগমন
মনৰ দুৱাৰ খুলি
কৰে দেখোঁ বাহু মেলি
বুজাব নোৱাৰা আচৰণ
কুলিটিৰ মধুৰ মাতত
শিমলুৰ কমোৱা তুলাত
প্ৰেমৰ মন্ত্ৰ নেথাকে;
ফাগুন দিনৰ বতাহতে
অকলশৰে মই কান্দোতে
প্ৰেম নাহে,
প্ৰেমে সময় যে
প্ৰেমে বয়স যে আৰু নুবুজে
প্ৰেমে সময় নুবুজে
প্ৰেমে বয়স যে আৰু নুবুজে।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top