কোন এই ললনা

কোন এই ললনা
মাথোঁ কৰে ছলনা
ধৰা দেখোঁ দিযা নাই,
দিযা নাই,
দিযা নাই।

চাই অতীতৰ কোনো ছায়া
নে বৰ্তমানৰ কায়া
নে অনাগত ভৱিষ্যত
সাঁথৰ ভৰা মায়া
বুজা নাই
বুজা নাই
বুজা নাই।।

অতীতৰ কুঁৱলী
তাই আহে ফালি ফালি
চিনাকী চিনাকী লাগে
স্মৃতি দেখোঁ নেজাগে।
 
শুনি তাইৰ নিশ্বাস
মই পাওঁ আশ্বাস
অতীতৰ হাত বাউলি
হয় কিয় বিশ্বাস?

তাই উৰি উৰি ঘূৰি যোৱা সুৰ
নে ৰূপান্তৰৰ ৰূপ
নে আদি অনাদি প্ৰশ্নৰ
নিৰুত্তৰ স্বৰূপ
বুজা নাই
বুজা নাই।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top