এন্ধাৰ কাতিৰ নিশাতে

পুৰুষ :- এন্ধাৰ কাতিৰ নিশাতে
এখনি নৈৰ পাৰতে
এটি ভগা পঁজাতে
পানেইৰ কামীহাড় সাৱতি
তাইৰ পোনাকণে ফেকুঁৰে —
 
শিশু :- আই ভোক লাগিছে
আই ভাত দে
আই পিয়াহ লাগিছে
আই গাখীৰ দে
আই ডিঙি মোৰ শুকায়ে যায় আই
এন্ধাৰ দেখিছো আই।
 
পুৰুষ:-
 কপালত হাত দি
পানেয়ে দেখিছে
পোনাটিৰ হু হু জ্বৰ
ঔষধো নাই, গখীৰ নাই,
ফল নাই, মূল নাই,
তেনেই উদং ঘৰ
ৰাতিপুৱাতেই,
খুজি-মাগি আনি দিম
অলপ ধৈৰ্য ধৰ
অ’ বাচা আজি নিশাটো
তেনেই উদং ঘৰ।
কান্দি কান্দি ভাগৰি
আই বুলি চিঞৰি
পোনাটি টোপনি যায়
পানেই তেতিয়া পোনাটিক চুমাদি
টোপনিৰ গীতটি গায়।
 
নাৰী :–
 আমাৰে ম‍ইনা শুব এʼ
সোণালী ধাননি দাব এʼ
ন-চাউলৰে চিৰা ভাজি দিমে
বাতি ভৰি ভৰি খাব।
  অয় বাচা টোপনি যা।
 
পুৰুষ:-  মাজনিশা কুকুৰৰ ভুকনিত
ধপ ধপ বুকুৰে কঁপনিত
পানেয়ে উচপ খায়
ফটা কঁথা আঁতৰাই
পোনাটিৰ মুখ চাই
আথেবেথে সাবটি গায়

নাৰী:–
‘সোনৰে পুতলী বাচা
মূৰ তুলি চা
শুদা পঁজাত কূটাও নাই
পানীটোপা খা।’

 পুৰুষ:-
বাচা নামাত কেলেই ? কি হʼল বাচা ?
দেহা চেঁচা কেলেই ? চকু মেল বাচা !
তই জঠৰ কেলেই ? বুকুৰে সোণ!
আই বুলি নামাত কলিজাৰ জোন,
অʼ মোৰ বুকুৰে সোণ
তোৰ জীৱনৰ দোকমোকালিত
মৰণৰে মূৰতি চা
পিঠা পিঠা কৰিছিলি অʼ বুকুৰ সোণ
নিসনিও নিদিলো অʼ পঁজাৰ জোন
তই মৰিশালিৰ চিতা জুইত আলফুলে টোপনি যা।
তই বাচা টোপনি যা।
পানেইৰ চকু দুটি হʼল ৰঙা ফিৰিঙতি
শেষ হʼল তপত চকুলো
চকুৰ পানীবোৰ শুকুৱাই পেলালোঁ
 এইবাৰ পণ লৈ ৰণলৈ ওলালোঁ।
পোনাটিৰ মৰাশ দুই হাতে দাঙি লৈ
 বিদ্ৰোহী পানেয়ে নতুন আশা লৈ
 শ শ পানেইৰ বাটটি লʼলেগৈ
 পৃথিৱী উঠিলে কঁপি–।
 হাজাৰ পানেয়ে চিঞৰি উঠিলে
 আকাশত সূৰুযে ৰঙাকৈ আঁকিলে
 ন-সমাজৰে ছবি।
 
 বাচা উভতি যিদিনা আহিবি
 অʼ ন ন জীৱনৰ মূৰতি দেখিবি
 বৰ বৰ মানুহৰ ভঁৰালৰ পৰা মই
 দুয়ো :– কাঢ়ি আনি ফল দিম
 দৰব-জাতি দিম

গাখীৰ গুড় দিম
 পঢ়াশালি পাতি দিম ওঁঠত হাঁহি দিম
 পুতলানো কত দিম
 ন ন ৰহনে সজা
 পুৰুষ :– উজলাবি পানেইৰ পঁজা।
 ভোকত শুকাব মন্ত্ৰী-ৰজা
 আৰু যত আছে চোৰ মহাৰজা
 ধান ভৰা গাঁৱৰে ৰাংঢালী আকাশত
 তেতিয়াই উৰুৱাম তোৰেই জীৱনৰ ধ্বজা
 বাচা টোপনি যা
 
 নাৰী :– আমাৰে মইনা শুব এʼ
 চিতাতে সাবটি লʼব এʼ
 মৰণৰ মাজেদি জীয়াই তুলিব
 মৰা সমাজৰে মন
 অয় বাচা টোপনি যা
 
 পুৰুষ :– তই মৰিশালিৰ চিতাজুইত
 আলফুলে টোপনি যা।।

ৰচনা কাল : ১৯৫৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top