অ’ মোৰ গুৰুদেউ

( সুধাকন্ঠৰ কণ্ঠত “উল্টা-পুৰাণ”)

অ’ মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে
মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে?

এ হৰি এ, হালোৱাই নিচিনে
হালৰ হাল গৰু
ৰান্ধনীয়ে নিচিনে চৰু
অ’ টিকৰ ভাৰ্য্যাই
স্বামীক নিচিনে
শিষ্যই নিচিনে গুৰু।

এ হৰি এ, বাৰীকে গিলিলে
বাৰীৰে জিৰাফে
ঘৰকে গিলিলে দুৱাৰে

অ’হাতত টাঙোন লৈ
গৃহস্থ পলাই যায়
পাছে পাছে খেদে চোৰে।

অ’ হৰি এ, গোহালিক গিলিলে
হেৰামৰ কাঠে
পঘাই গিলিলে গৰু

অ’ হাতত সপতি লৈ
ৰান্ধনী পলাই যায়
পাছে পাছে খেদে চৰু।

অ’ হৰি এ, বাঘৰে ছাগৰে
হালখন জুৰিলোঁ
কাৰশলা সাপৰে লৰু

অ’ ভালুক বপুৰাই
আলিৰ পাহে কাটে
বান্দৰে চাৰে ঐ গৰু।

এ হৰি এ, সাগৰৰ মাজতে
ঘোঁৰাৰ খটেখটি
বজাৰত চলিলে নাও

অ’ই গীত ৰচিছে কবীৰা ফকীৰাই
কি বুজিবা ভকতিৰ ভাও।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top