ভাঙ শিল ভাঙ


ভাঙ
শিল ভাঙ
ভাঙ! ভাঙ!!  ভাঙ ভাঙোতা!!!  শিল ভাঙ্
তোৰ ঘামভৰা নঙঠা পিঠি
তপত ৰ’দত যায় ফাটি
কোমল ভৰিৰ তলুভাত জ্বলে
তপত ৰঙা ৰঙা মাটি
তথাপিও তোৰ নাই গুণ গাওঁতা ৷
ভাঙ! ভাঙ!!  ভাঙ ভাঙোতা!!!  শিল ভাঙ্।।

আকাশ পৰশা কলা শিলবোৰে
যুগ যুগ আছে উন্নত শিৰে
ভাবে সৰু সৰু মানুহৰ নাই শক্তি
চূৰ্ণ কৰিব শিল শক্তিৰ মূৰ্তি
ভাবে নাই নাই নাই হাত দাঙোতা ৷
ভাঙ! ভাঙ!!  ভাঙ ভাঙোতা!!!  শিল ভাঙ্।।

নিজ হাতেৰে শুকান মাটি খান্দ,
সৰু শিলেৰে সেন্দূৰী আলি বান্ধ
অ’ তই নিজ হাতে গঢ় দিয়া আলিটিৰে অহা
যুগৰ সভ্যতাই আগবাঢ়ে
তই শিলেৰে ইতিহাস ৰচোঁতা
তই সাম্যৰ ৰহণ সানোতা।।৷

ৰচনা কাল : ১৯৫৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top