গীতৰ কথা: জয়ন্ত বৰুৱা :: সুৰ: অজিত সিংহ
ধুমুহা নাহিবি,
পচোৱা নাহিবি
নুনুমাবি ইগছি চাকি
এই চাকি নুমালে,
এই শিহা শুকালে
মহাদেশ ধৰিব
এন্ধাৰে ঢাকি
ইগছি চাকিৰ শিখাই
পোহৰাই ৰওক
জনজীৱনৰ এন্ধাৰ নিশা
ইগছি চাকিৰ শিখা,
ভাৰতে জ্বলোৱা
গণতন্ত্ৰৰে চাকি
গণতন্ত্ৰৰে চাকি।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨