ধম্ধমাধ্ম ধম্ধমাধ্ম
জীৱন মাদল বাজে
আজি নতুন নতুন মনৰ মানুহ
নতুন ভাৱে সাজে।
গিজিতা গিজাওঁ গিজিতা গিজাওঁ
ৰঙা জবা ফুল
ছটো বড় গৰীৱ নাই
নাই জাতি কুল।
ওপৰ মহল নীচৰ মহল কোনো বিভেদ নাই
এই আসামত যিমান আছাঁ সবেই ভাই ভাই।
চাহ বাগানত সবুজ সবুজ সোণা পৰি ৰয়
মনৰ মানুহৰো মাজত প্ৰেমৰ খেতি হয়।
আচমান এক এক দুনিয়া সবৰ খুনেই লাল
সবে মিলি দুনিয়াটোক সজাই দিয়া ভাল।।
ৰচনা কাল : ১৯৭৮
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨