বহুদিনৰ আগতে

বহুদিনৰ আগতে
গধূলিৰে পৰতে
তোমাৰ ৰূপহ শিখা দেখা
আজিও পৰে মনত হে।
মোৰে সৰু পঁজাতে
নেমেলা খিৰিকীতে
তুমি আহি মাত দিলা
ধুনীয়া নিশাতে
 
কʼলীয়া ধুমুহাৰে
শত শত বিপদে
তোমাৰ মোৰ সপোনখিনি
কঁপালে গছকতে।
 
আমাৰ চেনেহ সাগৰৰে
দেখি সাহস জোৱাৰতে
বিপদৰ ধুমুহাই পলালে পলকতে
বহুদিনৰ আগতে
 
আজি ৰভা তলীতে
নামৰে জাউৰিয়ে
(ঐ ৰাম)
তোমাক মোকে বান্ধিছে  
দুটিৰ বিবাহ ডোলতে।
বহুদিনৰ আগতে
গধুলিৰে পৰতে
তোমাৰ ৰূপহ শিখা দেখা
আজি পৰে মনতে
বহুদিনৰ আগতে
 


ৰচনা কাল : ১৯৫৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top