বনৰে পখীটি

বনৰে পখীটি
তোমাৰ লগৰীয়া, আমাৰে জোনটি
পদুমৰ কলিটি!
তোমাৰ লগৰীয়া আমাৰে জোনটি, সোণটি
অʼ অʼ জোনটি।

আমাৰ তপোবনৰ ধুনীয়া ধনটি, সোণটি।
তুমি শকুন্তলাৰ হিয়াৰ মাণিক
জিলমিল জিলমিল কৰা
জননীৰে মনৰ আকাশ উজ্বলোৱা ধ্ৰুৱতৰা
নোপোৱাৰ বেদনাৰ
এন্ধাৰ পঁজাৰ তুমিয়ে বন্তি।

পদুমৰে মধু দিলোঁ
আৰু দিলোঁ ক্ষীৰ কামধেনু
তিলক দিলোঁ চন্দনৰ
আৰু দিলোঁ ৰহণ ৰামধেনুৰ
আমাৰ শত মৰম দিলোঁ,
দিনে দিনে তুমি বাঢ়াঁ
মানৱৰে দুখ নাশি
পৃথিৱী মহান কৰাঁ।
ইতিহাসৰ পাতে পাতে
যুগমীয়া হওক তোমাৰ নামটি!
আমাৰ তপোবনৰ ধুনীয়া ধনটি!

ৰচনা কাল : ১৯৬১

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top