তোমাৰ দেখোঁ নাম পত্ৰলেখা

তোমাৰ দেখোঁ নাম পত্ৰলেখা
পত্ৰ তুমি নিলিখা হ’লাঁ
হয়তো মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই।

হয়তো তুমি তোমাৰ মৰমবোৰ
থৈছাঁ সাঁচি কাৰোবালৈ
গুপুতে বুকুতে
তাত মোৰ ভাগেই নাই
কিম্বা মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই।

বহু ঋতু পাৰ হৈ গʼল
মোৰো মনৰ পত্ৰ বহু লিখা যে নহʼল
মোৰ ক্ষমাও যে নাই
হয়তো সেয়ে তোমাৰ অভিমানৰ
পৰিধিও নাই।
মোৰ চিত্ৰ নাট গীত কবিতাত
বিচাৰিলে পাবা চাগৈ পুৰণা ঠিকনা
তুমি বিচৰাহে নাই;
কিম্বা তোমাৰ ঠিকনা বিচৰাৰ
অৱকাশো নাই।

পত্ৰলেখা আজি যদি
মোৰ ঠিকনা সোধাঁ
সমিধানত মৌনতাহে পাবা
কাৰণ মই এক জিৰণিবিহীন
বেদুইন হʼলোঁ জীৱন-চাহাৰাত
ঠিকনা মোৰ নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top