তুমি বিয়াৰ নিশাৰ

তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ

এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ।
পিছৰ দিনা সূৰুয উঠাৰ

পিচৰ বাহী শয্যাত
তুমি মূল্যবিহীন ভাৰ।।
 
তুমি ফুলিছিলাঁ আশাৰে বহুত
আঁচনিকে লৈ
গন্ধবিহীন কোঠাতে তুমি
সুৰভি বিলাবলৈ
মালীয়ে তোমাক ছিঙাৰ পিচত
কিয় কৰাঁ হাহাকাৰ।।

ফুলশয্যা পাতগাভৰুৱে

তোমাৰেই সজালে
কইনা-দৰাই কত আলফুলে

তোমাকেই পৰশিলে
(পিচে) পুৱাতে তোমাক সাৰি-পুচি দেখোঁ
নিবিচাৰে এটি বাৰ।

তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ

এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top