তপ্ত তীখাৰে,
অগ্নি শক্তি
ৰক্তবর্ণে জ্বলে — এ’ জ্বলিলে
মুক্তিপিয়াসী সুপ্ত মানুহৰ
বক্ষ তীখা হৈ গলে —- এ’ গলিলে ।
জনতাতন্ত্ৰৰ সাজি ল’লোঁ অস্ত্ৰ
স্বতন্ত্ৰতাকে আনিম বুলি
শোষণজর্জৰ সহস্ৰ মানুহৰ
আর্তনাদ আৰু নুশুনো বুলি ।
আমাৰে দেশতে ফল্গুসদৃশ
গুপ্ত সংগ্ৰাম চলে — এ’ চলিলে ।।
হে’ — হেইয়া কি ৰাম ৰাম,
ডাঁৰ মাৰিবলৈ আহাঁ কি ৰাম ৰাম
—হে’ এ’ হেইয়া কি ৰাম ৰাম
জীৱন-লুইতলৈ আহাঁ কি ৰাম ৰাম ।
হে’ — হেইয়া কি ৰাম ৰাম
ক্ষুদ্ৰ স্বার্থ এৰি আহাঁ কি ৰাম ৰাম
হে’– হেইয়া কি ৰাম ৰাম
ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা
ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা
যাত্ৰাৰ অন্ত হয় হে’ হয় হে’
হে’ — হেইয়া কি ৰাম ৰাম
ডাঁৰ মাৰিবলৈ আহাঁ কি ৰাম ৰাম
হে’ — হেইয়া কি ৰাম ৰাম
জীৱন-লুইতলৈ আহাঁ কি ৰাম ৰাম ।
দেশৰ হকে মৰিবলৈ আহাঁ কি ৰাম ৰাম
হে’ — হেইয়া কি ৰাম ৰাম
দেশৰ এই প্ৰজা, অন্যায় যুঁজা
দেশৰেই প্ৰজা অন্যায় যুঁজা
সত্যৰ আজি হ’ব জয় হে জয়
হে’— হেইয়া কি ৰাম ৰাম।