কত জোৱানৰ মৃত্যু হ’ল

কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লোঁ মই কিয় ?
কত জোৱানৰ মৃত্যু হ’ল ।

 হেনো হিমালয় ভাৰতৰ প্ৰহৰী
তাহানি শুনিছিলোঁ কাহিনী
পিছে মৃত জোৱানসবে চিঞৰিছে —
“লাগে চিৰ জাগ্ৰত এটি বাহিনী । “

আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ
আৰু মৃত মৌন শত জোৱানলে’
মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ ।।

কত পিতৃ পুত্ৰহাৰা হ’ল
কোন মাতৃৰ বুকু শুদা হ’ল ।
ৰঙা সেন্দূৰ কাৰ মচা গ’ল
কাৰ বাসনা অপূৰ্ণ ৰ’ল । ।

প্ৰতি জোৱান ৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু
এই সাহসৰ দুৰ্জেয় লহৰে
যাচিলে প্ৰতিজ্ঞা জয়ৰে  ।।

আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ
আৰু মৃত মৌন শত জোৱানলে’
মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ ।।

1 thought on “কত জোৱানৰ মৃত্যু হ’ল”

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top