এই বিহুৰে উৰুকা নিশা

গাভৰু : এই বিহুৰে উৰুকা নিশা
মোৰ কলিজা পৰিছে কʼলা
চিঠি দিম বুলি চিঠিও নিদিলা
তুমি পৰদেশী হʼলা।
যোৱাটো বিহুতে কথা যে দিছিলা
হʼবা মোৰ মনৰে দৰা
পষেকৰ পাছতে গুচিয়ে গʼলাগৈ
মনটো হʼল মোৰ মৰা।
তুমি কিয় যে দূৰলৈ গʼলা?
চাকৰি বিচাৰি চহৰলৈ গʼলা
 চাকৰি পালা নে নাই?
আমালৈ হʼবলা পাহৰি গʼলাগৈ
চহৰৰ ৰূপহী পাই।

ৰচনা কাল : ১৯৭৯

(১৯৯২ চনত তলৰ অশটো সংযোজন কৰিছে।)

ডেকা : কি কথা কৱ তই

শুন মোৰ লাহৰী

তোক মই পাহৰা নাই
তোৰে মান ৰূপহী

বিচাৰি দেখিলোঁ
কোনো ভাৰস্ততে নাই
কথা এটা কওঁ

শুন মোৰ লাহৰী
 গুপুতে গুপুতে কʼলোঁ
চাকৰি নোপোৱা
সমাজখন শুধৰাম
মৰণ পণকে লʼলোঁ।
গাভৰু : মোৰে শপত

তুমি এখনি চিঠি
দিবাচোন অহাটো ডাকত
তোমাক নেপালেও

তোমাক লগে পাম
চিঠিৰে আখৰৰ উমত।
তুমি কিয় যে নিলিখা হʼলা।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top