আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে
যায় যদি যায় জীৱনতো যাক !
সমুখৰে সেনাপতি থমকি জিৰালে,
কিনো হ’ব সেনানীয়ে ভাবিলে গুণিলে
ক’লা কাকতি ফৰিং নাশোঁগৈ আহ্ ৷৷
আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে
যায় যদি যায় জীৱনতো যাক !
শুন বুভুক্ষু শিশুৰে আৰ্তনাদ
(সেয়ে) তিল্ তিল্ মৃত্যুৰ আনে সংবাদ,
এই সংবাদ শুনিও বধিৰ কিয়?
তই নকৰিবি কিয় তোৰ শেষ প্রতিবাদ ?
সংগ্রাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে ‘জয় জনতাৰে’
ত্রাস এৰি দানৱকে বধোঁগৈ আহ্।।
অ’ আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
যায় যদি যায় জীৱনতো যাক !
ৰচনা কাল : ১৯৬৪
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨