আই সৰস্বতী অ

পাত গাভৰু : আই সৰস্বতী অ’ —-ৰংফুল বকুলী !
তোমালৈ মানি যাওঁ কি !
 
মাজ বয়সীয়া পুৰুষ : বোলো কি ?
 
পাত গাভৰু  : তোমালৈ মানি যাও শুকুলা ছাগলী
মাহে পৰমানে দি
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
মাহে পৰমানে দি ।
মাজ বয়সীয়া পুৰুষ : ক’লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে —হুৰৰৰৰ…
ক’লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে— হুৰৰৰ…
এ, এই জনীৰ চকুলৈ চাবকে নোৱাৰি
জালুক জলকীয়াই পোৰে মিলনদৈ
শশী মিলনদৈ শশী মিলনদৈ
বাখৰ কলিদৈ বাখৰ কলিদৈ
আৰু মঙলদৈ জালুকে পোৰাদি পোৰে
পাত গাভৰু :  যাঃ,  এইডাল নাহিবি,  যাঃ দূৰতে থাকিবি
যাঃ এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
মোৰ পিনে নেচাবি একা
যাঃ ক’ৰেনো গেন্ধেলা, গেন্ধেলা নে  ফেদেলা
যাঃ ক’ৰেনো গেন্ধেলা, গেন্ধেলা নে  ফেদেলা
একে ভুকুত কঁকাল হ’ব বেঁকা ।
 মাজ বয়সীয়া পুৰুষ : অ’ পিৰিটি কি বস্তু চিনিব নোৱাৰি
হে’ কোনজন ঈশ্বৰৰ মায়া
হে’ তুমি নকৰিলে কৰোতা নাই মোৰ
হে ‘ ভাটি বয়সতে বিয়া
পাত গাভৰু:  পাণবৰিয়ালৰ পাণ ঐ নানিবি
নানিবি গুৱালৰ দৈ
গামখাৰু আনিলেও
 তোৰদৰে বুঢ়াটোক
কাহানিও নোবোলোঁ পৈ !
মাজ বয়সীয়া পুৰুষ  : এ’ ম‍ইনাজান, ম‍ইনাজান , বিয়া-বাৰু নকৰোঁ
ম‍ইনাজান ম‍ইনাজান, পলুৱাই নিম তোক
ম‍ইনাজান ম‍ইনাজান, নেলাগে হোমৰে জুই
ম‍ইনাজান ম‍ইনাজান,  তোৰদৰে নাচনীক
ম‍ইনাজান ম‍ইনাজান, পলুৱাই নিনিলে
ম‍ইনাজান ম‍ইনাজান, মৰিমে বৰলা হৈ ।
 পাত গাভৰু  : কি ক’লি, কি ক’লি, মোক নিবি পলুৱাই
তোৰ তেনে সাহসফেৰা আছে
পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই
লৰি যাম তোৰ পাচে পাচে।
 মাজ বয়সীয়া পুৰুষ  : ৰাজগড়ৰ হাবিতে মাতি ম‍ই পোৱা নাই
মোৰ নামে ওলাইছে পটা,
তোমাকে পলুৱাই নিবই যে লাগিব
নহ’লে জীৱনটো বৃথা মিলনদৈ
 দ্বৈত কণ্ঠ: শশী মিলনদৈ
বাখৰ কলিদৈ
বাখৰ কলিদৈ
আৰু মঙলদৈ
নহলে ৱনটো বৃথা
এ’………অ’………

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top