আগ বাঢ়া, বাঢ়া আগ বাঢ়া
ডেকা-গাভৰুৰ দল।
জনতাৰ মৃত্যু এফেৰি বতাহে
আকাশ কঁপাই তোলে
ঘনে ঘনে কোলাহল।
ডেকা-গাভৰুৰ দল আগ বাঢ়া
সংকীৰ্ণতাৰ চিতাত চোৱা
প্ৰগতিৰ ধল উঠিল
কʼলা ডাৱৰৰ বিভীষিকাত
জেউতিৰ ৰহণ চৰিল।।
এন্ধাৰ অতীতৰ জঁকাত চোৱা
শোণিতৰ বান উঠিল
ডেকা-গাভৰুৰ দল
তুমি শান্তি পৃথিৱীত বোলাই দিয়া
সাম্যৰ নৱ বোল।।