মহাবাহু ব্রহ্মপুত্র

কথা: স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ?
       ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ?
       এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?


গীত: মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ
       কত যুগ ধৰি আহিছে প্রকাশি
       সমন্বয়ৰ অর্থ।।
 সুদূৰ কান্যকুব্জৰেপৰা বাৰভূঞা আহিছিলে
 সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে ।
    মৰুৰ দেশৰে আজান ফকীৰে
            মধুৰ জিকিৰ ৰচিলে
দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি আঁকিলে
পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেঁতু গঢ়িলে
  সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত ।


    দূৰৈৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে
জাতি-ধর্ম-ভাষা সবাকে স্বদেশ প্রেমেৰে বান্ধিলে
     কিৰাটপুত্র বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে
        সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত।।


পদ্মা নদী!
 পদ্মা নদীৰ ধুমুহাত পৰি কত শতজন আহিলে
   লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে
কিছু ল’ব লাগে, কিছু দিব লাগে, জীণ যাবলে’ হ’লে
 মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্রনাথেও ক’লে,
অগ্রৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্রপাত বোৱালে
অজীণপাতকীসৱৰ চক্র জ্যোতিৰ কৰি ব্যর্থ।।

ৰচনা কাল : ১৯৮০

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top