মহাত্মাই হাঁসি বোলে

মহাত্মাই হাঁসি বোলে ৰাম ৰহিম,
    বান্ধ ৰাম ৰহিম!
একেলগে একে সঙ্গে বান্ধৱ পাতিম
    হায় হায় ৰাম ৰহিম !
মহাত্মাই হাসি বোলে কৃষ্ণ কৰীম
   বান্ধ শিৱ ইব্ৰাহিম।
দুয়ো একেজন হৰি কাকনো দূষিম
   হায় হায় ৰাম ৰহিম !
   হায় হায় ৰাম ৰহিম !!
মহাত্মাই হাসি বোলে গীতাকে শুনিম
   বান্ধ বেদকে শুনিম
শুনি পিচে কোৰানৰো আয়াতক বুজিম।
  হায় হায় ৰাম ৰহিম।
  হায় হায় ৰাম ৰহিম।
মহাত্মাই হাসি বোলে মন্দিৰে পূজিম
  বান্ধ দেৱকে পূজিম।
পূজি উঠি মছজিদৰো ভেটি নেভাঙিম
  হায় হায় ৰাম ৰহিম
  আল্লা ৰাম ৰহিম।
মহাত্মাই হাঁসি বোলে হিংসা নকৰিম
  বান্ধ মৰমে মৰিম
মানুহৰ উপৰি নাই কাকনো দূষিম
  হায় হায় ৰাম ৰহিম !
  হায় হায় ৰাম ৰহিম !!
মহাত্মাই কান্দি বোলে মইহে চলিম,
  বান্ধ আৰু নাথাকিম
জগতৰ ৰক্তনদী আৰু নসহিম
  হায় হায় ৰাম ৰহিম !
  আল্লা ৰাম ৰহিম !!
মহাত্মাই কান্দি বোলে মই কি কৰিম
  বান্ধ কʼতনো কৰিম
ইপুৰীক ত্যাগি মই সিপুৰীত কান্দিম
  হায় হায় ৰাম ৰহিম
  হায় হায় ৰাম ৰহিম ।
  হায় হায় ৰাম ৰহিম ।
  আল্লা ৰাম ৰহিম।
  আল্লা ৰাম ৰহিম
  হায় হায় ৰাম ৰহিম

ৰচনা কাল : ১৯৪৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top