বিজুলীৰ পোহৰ মোৰ নাই

বিজুলীৰ পোহৰ মোৰ নাই
(তথাপি) এন্ধাৰে মোলৈ ৰʼ লাগি চায়।।

সমাজৰ নাটঘৰ,
তেনেই উদং হয়
আমাৰ ৰূপেৰে পঁজাত
হাঁহিৰ পোহৰ যদিহে নেপায়।।

কোনোবা কাহানি ৰচিব কাহিনী
আমাৰ চকুলো লৈ
তাৰো যে থিতাপি নাই
আজৰি নাই, আহৰিও নাই।।

নিশাচৰ পিশাচৰ, মুখা খুলি যায়
আমাৰ ৰূপৰে উমৰ
ওঁঠৰ উমৰ পৰশন পাই।।

ৰচনা কাল : ১৯৬৯

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top