নামি আঁহা সুন্দৰৰ সেনা

নামি আহাঁ সুন্দৰৰে সেনা শিল্পী দল
এৰা সপোন ধেমালি
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হʼব ৰণেৰে ৰাঙলী।
বাটে পথে যায় চোৱাঁ সৌৱা পালে পাল
মুমূৰ্ষু জীৱিত নৰ কংকাল
সিহঁতৰ কাৰণে আশাৰে গীত গোৱাঁ
জীৱনত সিহঁতৰ ৰহণ বোলোৱাঁ
আজি মৰণক মষিমূৰি জীৱনৰ জেউতীৰে
জ্বলোৱা দীপাৱলী!


শঙ্কৰে যুঁজিলে সুৰৰে বৈৰী
নিশাচৰ যতমান পলালে লৱৰি
(আজি) জীৱনৰ নাটকৰ দৃশ্য দেখুওৱা
(আজি) ৰণৰ অগনি সুৰেৰে নুমোৱাঁ
নহʼলে সিহঁতে তীক্ষ্ণ নখেৰে সিহঁতে
শিশুৰ কলিজা খাব ফালি
(আজি) সমাজৰ নাটঘৰ সজোৱা পৰোৱা
সাম্যৰ ৰহণ ঢালি
শান্তিৰ ৰহণ ঢালি।

বাধা যদি নিদিয়া পিশাচী এন্ধাৰক

ধৰা হʼব ৰণেৰে ৰাঙলি।

ৰচনাকাল : ১৯৫৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top