নিশাৰ এন্ধাৰ পোহৰালে কোনে

নিশাৰ এন্ধাৰ পোহৰালে কোনে?
দূৰ আকাশৰ ৰূপালী জোনে।
উদং কোলা মোৰ পূৰালেহি কোনে ?
দূৰ আকাশৰ মৰমী জোনে।।

অপূৰ্ণ মোৰ বাসনাবোৰ
জ্যোতিৰে ভৰি গʼল
মোৰ হাঁহাকাৰ বুজিবনো কোনে?
দূৰ আকাশৰ মৰমী জোনে।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top