নতুন নিমাতী নিয়ৰৰে নিশা
জীৱন জিলিকা জোনাকৰে নিশা
আৰু তুমি নিচেই চিনাকি।
মোৰ যৌৱন আজি উচ্ছল
জলমল সৰসীত নাচে পংকজ
কামনাৰ
পৰাণ পূৰ্ণ হয় নিশাটি।।
নাই বৈভৱ, নাই ৰূপ
নাই নাই, গুণাৱলী
তথাপি সঁপিলোঁ
মৰম সিক্ত অঞ্জলি।
মোৰ বক্ষত মধু উত্তাপ ভৰা
কম্পিতা, স্তম্ভিতা, তুমি আজি
জীৱন পূৰ্ণ হয়, নিশাটি।।