জীৱন সিন্ধু বহু বিন্দুৰে হয়

(আগকথা – আজিৰ সমাজ গঢ়োঁতে অগভীৰ পৰিকল্পনা আৰু অলস চিন্তাই কোনো কাম নিদিয়ে। জীৱন সিদ্ধু বহু বিন্দুৰে হয়। কিন্তু সেই বিন্দু কৰ্মেৰে পূৰ্ণ হʼব লাগিব। )

জীৱন-সিন্ধু বহু বিন্দুৰে হয়
যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ।
অলস চিন্তা অগভীৰ আঁচনিয়ে
জয়ৰ বাসনা কৰে চূৰ্ণ।।

অসমবাসী এমুঠি মানুহ
তাতে যদি হয় নানান প্ৰভেদ
সামূহিক মংগল হয় মষিমূৰ
উমি উমি থাকে যদি
ক্ৰোধ আৰু জেদ,
সকলোৱে শান্তিৰে কৰাঁ আলচ
ৰিক্ত মনক কৰাঁ পূৰ্ণ।।

সমাজক এৰি কোনো বাদ নহয়
সমাজবাদ আজিৰে লক্ষ্য
জীৱনবোধহীন ব্যক্তিৰ বাবে
পৰিধি মাথোঁ হয় নিজ কক্ষ
স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে
শাসনক কৰে সংকীৰ্ণ।।

মহাভাৰতৰ মহা অংগ অসম
সৱাৰে অৱহেলা নেওচিব লাগে,
লুভীয়া নৱ উপনিৱেশবাদীৰ
শোষণৰ বিপৰীতে হেজাৰে জাগে
শোষিতই সাহসৰ মন্ত্ৰৰে কৰে
শোষকৰ বক্ষ বিদীৰ্ণ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top