সুখ নাই; দুখ নাই

সুখ নাই; দুখ নাই
একো যেন নাই
হাঁহি নাই
চকুৰো অশ্ৰু শুকায়।।
নৈ আছে পানী নাই
সৰু বৰ ঢৌ নাই
জীয়াই থকাৰ নাই
অকণো জোৱাৰ।
ঘড়ীৰ কাঁটা নাই
সময়ৰ গতি নাই
সমযে বগৰাব নোৱাৰে হেঙাৰ,
সময়ও দেখোঁ আজি
ভাগি ছিগি যায়।।
এই ভয়াৱহ ক্ষণে
নিহত প্ৰতিজনে
গলি যোৱা আইনাত
মুখবোৰ চায়,
কাৰ নীতি কেনি যায়
পৰিণতি একো নাই
মৃত্যুৱে দিনে-ৰাতি
পাশা খেলি যায়;
সুন্দৰতা আজি ত্ৰাসতে পলায়।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top