জীৱন জোৰা খ্যাতিয়ে


জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়,
বহু ধনৰ লোভে যদি মানুহ পাহৰায়, মানুহ পাহৰায়
মানুহ যদি মানুহৰে হয় অন্তৰায়,
(তেনে) দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,
মিছা ব্যৱসায় |
 
ধনৰ বাবেই মনৰ যদি বেহা বেপাৰ হয়,
যৌতুককে সঙ্গী বুলি আঁকোৱালি লয়,
(তেনে) দুটি শৰীৰ একে হ’লেও প্ৰাণটো নভৰে,
মুখা পিন্ধি দুয়ো থাকে দুয়োকে ভুলাই;
(সেয়ে) দূৰতে থ’ক খ্যাতি আৰু মিছা ব্যৱসায়,
মিছা ব্যৱসায় |
 
প্ৰেম হেনো স্বৰ্গীয় মৰততে নাই,
বোকাকে ভাল পালেই হেনো সম্ভ্ৰম হেৰায়,
(তেনে) সৰগৰে পাৰিজাত সৰগতে থাওক;
ধন্য হ’ম মই বোকাৰ এপাহ পদুমকে পাই।
(সেয়ে) দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,
মিছা ব্যৱসায় , মিছা ব্যৱসায়
মানুহ যদি মানুহৰে হয় অন্তৰায়

তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়

মিছা ব্যৱসায়

ৰচনা কাল :1977

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top