চিৰযুগমীয়া ঢৌ তুলি

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰ নতুন পানচৈ উটি যায় ।
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পট আকিঁ আকিঁ যায় ।
অনু-পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে
আজি উৰে ?

 অ’ অ’ অ’ মোৰ মন-গীতিকাৰ
চোৱাঁহি চোৱাঁহি
হৃদয় বিলাই কোন যায় ?
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
পদুম সুৰৰ পানচৈ উটি যায় ।
অনু-পৰমাণু হৈ
কাৰ আশা-ৰেণু উৰে আজি উৰে?

আজি উৰে?

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি ।
 
 উজনি পানীতে মৰমী সোঁততে
চিত্রলেখীয়ে চিৰসুন্দৰৰ
হংসকাপেৰে বুৰঞ্জী লিখে
অ’ অ’ অ’ মোৰ মন-সুৰকাৰ
গোৱাঁহি গোৱাঁহি
সুৰৰ আজি সীমা নাই।।
 চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
 চিৰ নতুন পানচৈ উটি যায়
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পট আকিঁ আকিঁ যায়
অনু পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে
আজি উৰে ?
 চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
 

ৰচনা কাল : ১৯৬৩

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top