কাকনো সুঁৱৰি কিনো বিচাৰি
খাৱ তই হাবাথুৰি।
ৰৈ ৰৈ হেৰʼ হুমুনিয়া কাঢ়
বুকু উঠে গুমৰি গুমৰি।।
কাৰ অভিশাপে কি অনুতাপে
মন উঠে শোকেৰে ভৰি
কাক নিচিনিলি কাক দলিয়ালি
কোন কেনি যে গʼলগৈ আঁতৰি?
কোন ধুমুহাই, কি উৰুৱাই
কিবা তোৰ নিলে কাঢ়ি?
নোপোৱাটো পালি, পায়ো হেৰুৱালি
কʼত পাবি এতিয়া বিচাৰি।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨