এই পানী উত্তৰে পানী

উত্তৰে পানী…
এই পানী
কি য়ে পানী
দুৰ্ব্বিষহ পানী।।
তৃষ্ণাৰ্ত্তৰ ই নহয়তো পানী।

শুকান ধৰিত্ৰীৰ অশ্ৰুভৰা
নহয় ই আকূতি
এই বানপানী।।
এই পানী ত্ৰাসৰ
এই পানী বেজাৰৰ
এই পানী মৃত্যুৰ কুসংবাদ।

এই পানীয়ে
মাতৃস্তনৰ পৰা
কেচুৱাক কাঢ়ে
এই পানীয়ে কৃষকক
পথাৰৰ পৰা কাঢ়ি নি
মৃতদেহলৈ পৰিণত কৰে
উত্তৰে পানী…
 

এই পানীয়ে
মানুহৰ সকলো
বুদ্ধি-বৃত্তিক
উপলুঙা কৰি কৰি
লথিয়াই থৈ যায়
সহস্ৰ গাঁৱৰে ঘাট।
এই পানী ভয়াবহ
বিষাক্ত মৃত্যুৰ
মহা আৰ্ত্তনাদ
উত্তৰে পানী….

ৰচনা কাল : ১৯৯০

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top