এই ভিজা ভিজা ৰাতি
এই জীৱন জোখা ৰাতি
নিজ হাতে জুখিম বুলি
লʼলোঁ দুখৰ মালা গাঁঠি।।
জীৱন মানেই ৰং নহয়
জীৱন মানেই চং নহয়
সংগ্ৰামৰে কাঁইটিয়া
বাট লʼলোঁ কাটি কাটি।।
প্ৰতিটো ক্ষণ
ভয়াল ৰণ,
নিজ মনেই লʼলোঁ মাতি
ঠেকি ঠেকি
শিকি শিকি
কৰিলোঁ পান, বিষৰ বাটি,
বিচাৰিছিলোঁ জীৱন ফুল
বুটলিলোঁ প্ৰচণ্ড ভুল
যি হিচাপতে হʼল ঘাটি।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨