কাৰোবাৰ দুনয়ন সৰগত তৰা

কাৰোবাৰ দুনয়ন সৰগত তৰা যেন লাগে
নেজানো মোৰ কি যে হʼল !
 মৰমৰ সাগৰত সাঁতোৰাৰ হেপাহ জাগে
কোন দেৱী বাউলী হʼল ।।

জোনৰ কামনাত জোনাক সৰিলে
ফুলৰ বাসনাত ভোমোৰা উৰিলে
মিলনৰ বাসনাত বুকু হম‌‌ হম্ কৰে
নেজানো মোৰ কি যে হʼল ।

কোনোবা ৰূপহীৰ মৰমী চাৱনি
লাজুকি লতাৰে লাজ যেন শুৱনি
কলিজাই লগৰী বিচাৰি ফুৰে
নেজানো কাৰ কি যে হʼল  
ৰাগিণীৰপৰা জানো কীতিকাৰ পলাব পাৰে
 নেজানো মোৰ কি যে হʼল ।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top