এইটি বা কোন ওলালে
সিংহ কেনি লুকালে
নেগুৰ কটা শৃগাল আজি
ৰাজসভালৈ যায়।
পপীয়া তৰা ওলালে
সূৰুষ কেনি লুকালে
তপস্বী বিড়াল আজি
নামঘৰলৈ যায়।
গৰ্দ্দভৰে নৃপতি, গৰ্দ্দভে শোভে।
ন্যায় এৰি নৃপতি, মৰে অতি লোভে।।
কাউৰী সজাওঁ যদি গজৰাজ মুক্তাৰে
তাৰ ঠোঁট যদি জিলিকাওঁ সুৱৰ্ণ মাণিকেৰে
তথাপি কাউৰী জানো ৰাজহংস হয়?
ৰাইজ যদি ৰজা হয়, নৃপতিনো কোন?
দেশখন বেচোঁতা, এই বদনটিনো কোন?
তেজ শোহা জোক জানো, মহাপুৰুষ হয়?
ৰচনা কাল : ১৯৬৩
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨