আমি ভাইটি ভনটি

আমি ভাইটি ভনটি
নাই দেখোন গণটি
ইম্মান সোপা আমি আছোঁ
কিমান যে ফূৰ্তি।

অʼ ডিফুৰে ভণ্টি আৰু শদিয়াৰে ভাইটি
কোকৰাঝাৰৰ ৰাভাৰ সʼতে লোহিতমুখৰ কণটি
ইম্মান সোপা আমি আছোঁ
কিমান যে ফূৰ্তি।।
ঢং ঢং শুনা ঘণ্টি।

শেৱালি ফুলৰ ফালে
চাবেই মাৰে দৌৰটি
এতিয়াহে মন কৰিছোঁ
হৈছে অʼ মা, পূজাৰ ছুটটী।।
কিমান যে ফূৰ্তি।

চোৱাঁ শৰতৰ জোনটি
মেলি থোৱা নীলা গামোচাত
যেন পানীপিঠাটি!

কঁহুৱাৰ ওপৰেদি,
উৰে হাঁহৰ জাকটি
হাঁহ ওখ নে, আকাশ ওখ
উৰি চোৱাঁচোন ভণ্টি।

এইয়া আমাৰ মাটি
পাচলিৰো দাম বাঢ়িছে
হাতত লোৱা খন্‌টি।

নকটাবা ক্ষণটি
লাই পালেং ধনিয়াৰে
বাৰী কৰা ভৰ্তি।।

ভূগোলৰে মেপ এখনক
ফালি পেলাওঁ যদি
খঙতে ওফন্দে দেখোন
দেৱযানী বাইটি!

ডাঙৰ মানুহবোৰে পিচে
দেশখন কাটি-কুটি
থানবান কৰিলেওচোন
নিদিয়ে যে মাতটি।

ডাঙৰে যি কৰে কৰক
আমি কৰিম কাম এটি
একেলগে চব্বেই মিলি
সজাম দেশৰ ঘৰটি।।

ঘৰৰপৰা বহু বেলুন ফুলাই
একেলগে ৰছী বান্ধি দিম্মেই

মেঘলৈ উৰুৱাই।

তাকে দেখি দূৰ দেশৰো মানুহে চিঞৰিব
আহ্-হা, অসমীৰ ৰামধেনুকে কোনে নকৈ গঢ়িব?
মিঠা পানী পিঠাৰ দৰে
জোনৰ ফালে গৈ থকা
ৰঙীণ বেলুনকেইটি
আমাৰ দেশৰ ভাই-ভনীৰে
মনৰহে ছবিটি ।।

ধুবুৰীৰে ভণ্টি
আৰু তেজপুৰীয়া ভাইটি
শিৱসাগৰৰ গোহাঁইৰ সʼতে
লুইতমুখৰ খামটি।
ইম্মানসোপা ভাই-ভনীটিৰ

একে দেখোন মনটি।

ইম্মান যে ফূৰ্তি
ইম্মান যে ফূৰ্তি ।।

ৰচনা কাল : ১৯৮০

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top