আলফুলীয়া কুমলীয়া

আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰ
অʼ মোৰ চেনেহৰ অকণি বীৰ ।
তোমাৰ দেশৰ বীৰ লাচিতে
শতৰু কৰি ছিৰাছিৰ
সুজলা সুফলা পূব ভাৰতীৰ
উজলাই ৰাখিলে শিৰ।
ভাৰতে পূজিলে শিশু শঙ্কৰক
কোমল কবিতা লিখনীৰ
তুমিও ৰচিবা এটি দুটি আখৰেৰ
সৰু ভাব অকণি মনৰ।
অʼ মোৰ চেনেহৰ অকণি বীৰ।

পৰাধীনতা দেখি শিশু কুশলৰ
বইছিল তপত ৰুধিৰ
দেশৰ কাৰণে সেয়ে
হিয়া ফালি তেজ দিলে
অʼ মোৰ অসমীৰ চেনেহৰ অকণি বীৰ।

পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
উজলাই তোলা ধৰণী
তুমি ৰুদ্ৰমূৰ্তি ধৰি নাশিব লাগিব
অবিচাৰ শোষণকাৰীৰ ।

অʼ মোৰ চেনেহৰ অকণি অকণি বীৰ
শোষণ মুক্ত কৰি পূৰ্বভাৰতীৰ
উজলাই ৰাখিবা শিৰ
অʼ মোৰ চেনেহৰ অকণি বীৰ।।

ৰচনা কাল : ১৯৪৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top