অ’ কাজল বৰণ কন্যা

অ’ কাজল বৰণ কন্যা
তোমাৰ নাই তুলনা
এই ৰূপৰ বন্যা দেখি
হ’লোঁ মই উন্মনা।
মেঘ বৰণ তোমাৰ চুলিত
লহৰ খেলি যায়
মোৰ যে হিয়াত এই লহৰে
পুলক জগায়,
তোমাৰ ৰূপৰ নাই তুলনা
অ’ কাজল বৰণ কন্যা।
কাজল ক’লা তোমাৰ চকুত
বিজুলীয়ে খেলে
তাকে দেখি মন ময়ুৰী
মোৰ যে পেখম মেলে,
কিয় কন্যা গুছি যোৱা
অ’ সজল চকুৰ কন্যা।
অ’ কাজল বৰণ কন্যা…..

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top