অহো হো মহʼ অʼ

অহো হো মহো হো  দেশৰ হকে মৰোঁ অʼ
কিঞ্চিতো নাই ভয় নাই,
ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।।

ৰংঘৰ ৰংঘৰ তেজী ৰঙা ৰংঘৰ
আজি কিয় ৰং তোৰ নাই?
ডাঙৰীয়া সৰু বৰে আৰু যত অনুচৰে
কিয় আজি শোকতে বিনায়?
নেকান্দিবি অʼ দেশমাতৃ।।
ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।।

শান দিয়াঁ হেংদান যত মহা অস্ত্ৰী
মন্ত্ৰণা দিয়াঁ আজি যত মহা মন্ত্ৰী
আশিস দিয়া আই মাতৃ।
ওলালোঁ মুক্তি-পথ যাত্ৰী।।

ৰচনা কাল : ১৯৫৫

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top